অগপ দিশপুৰ বিধান সভা সমষ্টি সমিতিৰ শপতগ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ সভা সম্পন্ন

ৰাজ্যত আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ লক্ষ্যৰে অসম গণ পৰিষদ দলে বিধানসভা সমষ্টিসমূহত ইতিমধ্যে সমিতি গঠন কৰিছে। অগপৰ কেন্দ্ৰীয় সমিতিৰ একোজনকৈ বিষয়ববীয়া অথবা সদস্যক এই বিধান সভা সমষ্টি সমিতিৰ শপতগ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ সভাত অংশগ্ৰহণ কৰি নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিক শপতবাক্য পাঠ কৰোৱাৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে। ইয়াৰ অংশহিচাপে সোমবাৰে ৩৩ নং দিশপুৰ বিধানসভা সমষ্টি সমিতিৰ শপতগ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ সভাখন অনুষ্ঠিত হয়। দিশপুৰৰ গণেশ উদ্যান প্ৰেক্ষাগৃহত দিশপুৰ বিধান সভা সমষ্টি সমিতিৰ সভাপতি অতুলন্দ বৰ্মনৰ পৌৰাহিত্যত অনুষ্ঠিত এই সভাত দিশপুৰ বিধানসভা সমষ্টিৰ অগপৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিক শপতবাক্য পাঠ কৰাই সাংসদ বীৰেম্দ্ৰ প্ৰসাদ বৈশ্যই। অসম গণ পৰিষদ দলৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ড০ তপন দাস আৰু সুনীল ডেকাও উপস্থিত থাকে।তদুপৰি এই সভাতেই বিধান সভা সমষ্টিৰ সাংগঠনিক দিশৰ ওপৰতো পৰ্যালোচনা কৰা হয়।

AssamDaily time axomGuwahatiInternational
Comments (0)
Add Comment