Daily Time Axom

ইজৰাইলৰ দূতাবাসৰ সন্মুখত এজন আমেৰিকান সৈনিকে অগ্নিসংযোগ কৰিলে নিজকে

0 37

গাজাত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিবাদত ৱাশ্বিংটনত থকা ইজৰাইলৰ দূতাবাসৰ সন্মুখত নিজকে জুই লগাইছে আমেৰিকাৰ বায়ুসেনাৰ এজন সদস্যই। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লোকজনক। দেওবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা। ইজৰাইলৰ দূতাবাসে জনোৱা মতে, লোকজনে নিজ দেহত জুই লগাই যদিও আন কোনো লোক হতাহত হোৱা নাই। আনহাতে কোনো লোকেই সেই ব্যক্তিজনক চিনি পোৱা নাই এতিয়াও। এ এফ পিৰ মতে, লোকজনে আমেৰিকাৰ লাইভ ভিডিঅ’ ষ্ট্ৰীমিং টুইচত ক্লান্তিৰ অৱস্থাত কোৱা শুনা যায় যে তেওঁ আৰু গণহত্যাৰ দৰে অপৰাধ কৰিব নিবিচাৰে। ইয়াৰ পিছত তেওঁ নিজৰ শৰীৰত জ্বলনশীল তৰল পদাৰ্থ ঢালি নিজকে জুই লগাই দিলে। মাটিত নপৰালৈকে তেওঁ “পেলেষ্টাইনক মুক্ত কৰক” বুলি চিঞৰি থকা শুনা গৈছিল। স্থানীয় আৰক্ষী আৰু গোপন সেৱাই এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে যোৱা ডিচেম্বৰ মাহত আটলাণ্টাৰ ইজৰাইলৰ কনছুলেটৰ বাহিৰত এজন প্ৰতিবাদকাৰীয়ে নিজকে জুই লগাইছিল।

Leave A Reply

Your email address will not be published.