এটাৰ পিছত এটা সুদক্ষোৰ ধৰা পৰিছে আৰক্ষীৰ জালত।। আটকাধীন সুদক্ষোৰ জনৰ নাম সুদিপ দাস,সত্যপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি চাপৰ অঞ্চলত সুদৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল ব্যক্তিজনে। নিশা চাপৰ আৰক্ষীয়ে সত্যপুৰস্থিত নিজ বাসভৱনত অভিযান চলাই আটক কৰে সুদক্ষোৰ জনক। ইতিমধ্যে আৰক্ষীয়ে চাপৰ অঞ্চলৰ পৰা ৫জন কৈ সুদক্ষোৰক হাজোৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰে।