Daily Time Axom

তেজস্বী যাদৱৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত,মৃত্যু হৈছে গাড়ীখনৰ চালক

0 43

এক ভয়ংকৰ দুৰ্ঘটনাত তেজস্বী যাদৱৰ গাড়ীৰ চালকজনৰ মৃত্যু হয় আৰু কমেও ৮ জন আহত হয়। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ১১ বজাত পূৰ্ণিয়া জিলাৰ বেলাউৰীৰ সমীপত সংঘটিত হৈছে আৰজেডি নেতাজনৰৰ কনভয়ৰ গাড়ীৰ এই দুৰ্ঘটনাটো । কনভয়ত থকা এখন আৰক্ষীৰ গাড়ী আৰু আন এখন গাড়ীৰ সংঘৰ্ষ। দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষীৰ গাড়ীখনৰ চালকজনৰ। জানিব পৰা মতে মৃত চালকজনৰ নাম মহম্মদ হালিম। সেই গাড়ীখনত থকা ৩জন আৰু সিফালৰ পৰা অহা গাড়ীখনত থকা ৪জন লোক আহত হয়। আহতসকলক পূৰ্ণিয়া চৰকাৰী চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মন কৰিবলগীয়া যে ২০ ফেব্ৰুৱাৰীৰ পৰা তেজস্বী যাদৱৰ জনবিশ্বাসৰ অভিযান আৰম্ভ হৈছিল। অহা ১১ মাৰ্চৰ ভিতৰত তেওঁ ৩৮খন জিলা ভ্ৰমণ কৰিব। সেইবাবেই তেওঁ এটা এলেকাৰ পৰা এলেকালৈ ঘূৰি ফুৰিছে। তাৰ মাজতে সংঘটিত হৈছে এই দুৰ্ঘটনা।

Leave A Reply

Your email address will not be published.