মৈৰাবাৰীত মাটি বাৰীক কেন্দ্ৰ কৰি ভয়ংকৰ সংঘাত

মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত দুৰাবান্ধী বিল গাঁৱৰ ৰেহেনা বেগমৰ চাৰি বিঘা মাটিক লৈ নিজ পৰিয়ালৰ মাজত খোৱা কামোৰাৰ ফলত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। দুৰাবান্ধী বিল গাঁৱৰ ম্যাদি পট্টা নং ২৬, দাগ নং ১৮৪ ৰ মুঠ চাৰি বিঘা মাটি ৰেহেনা বেগমৰ নামত নামজাৰি হৈ থকাৰ পিছতো নিজ ভাতৃ দিলোৱাৰ হুছেইনে জালিয়াতিৰ আশ্ৰয় লৈ মাটি খিনি নিজৰ দখলত আনিবৰ চেষ্টা চলাওতে ভগ্নীয়ে বাধা প্ৰদান কৰাত এক সংঘৰ্ষৰ সৃষ্টি হয়। জানিব পৰা মতে, মাটি ডোখৰত ৰেহেনা বেগমে এক সপ্তাহৰ পূৰ্বে বৰো ধানৰ কঠিয়া ৰুই শেষ কৰে যদিও দিলোৱাৰে কঠিয়াখিনি নষ্ট কৰি দিয়া লগতে ৰেহেনা বেগমক শাৰীৰিক ভাৱে আক্ৰমণ কৰি গুৰুতৰ আহত কৰে। বৰ্তমান ৰেহেনা বেগম মৈৰাবাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে ৰেহেনা বেঘমে ঘটনা সন্দৰ্ভত মৈৰাবাৰী আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰি ন্যয় বিচাৰি দাবী জনাইছে।

মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment