JUAৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত হাতত পোষ্টাৰলৈ অভিনৱ কাৰ্যসূচী ৰূপায়ন

যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ গাজাত যুদ্ধ আৰম্ভ হোৱাৰ চাৰিমাহৰ ভিতৰত কমেও ১০০ জন সাংবাদিক হত্যাৰ বলি হৈছে | এই নৃশংস হত্যাকাণ্ড নজিৰবিহীন ঘটনাৰূপে পৰিগণিত হৈছে | যাৰ পৰিপ্ৰেক্ষিতত আই এফ জেৰ আহ্বান মৰ্মে পেলেষ্টাইনী সহঃকৰ্মীসকলৰ সতে সংহতি প্ৰকাশ কৰিবলৈ আজি JUAৰ শিৱসাগৰ জিলা সমিতিয়েও আন্তৰ্জাতিক দিৱস (join us on 26 February for an International Day in support of Palestinian Journalists)ত সম্পূৰ্ণ সহযোগ কৰি সংবাদকৰ্মী সকলে হাতত পোষ্টাৰলৈ কাৰ্যসূচী গ্ৰহণ কৰে | এই উপলক্ষে JUAৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক ফাৰহান লস্কৰৰ লগত সহযোগ আগবঢ়াই সংগঠনটোৰ একাধিক সংবাদকৰ্মীয়ে |

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment