অয্যোধালৈ যাত্ৰা ১৩০০ তীৰ্থযাত্ৰীৰ

অযোধ্যা অভিমুখী আস্থা স্পেচিয়েল ৰে’লৰ যাত্ৰা আৰম্ভ, অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ একেলগে ৰাওনা হৈছে ১৩০০ তীৰ্থযাত্ৰী। আজি মঙ্গলবাৰে আবেলি গুৱাহাটী ষ্টেচনৰ পৰা অযোধ্যা অভিমুখী বিশেষ আস্থা ৰে’লখন ৰাওনা হয়। বিশ্ব হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মকৰ্তাসকলে যাত্ৰীসকলক আনুষ্ঠানিক ভাৱে আদৰণী জনায়। ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে মুখৰিত হৈ পৰে গুৱাহাটী ষ্টেচন । তীৰ্থযাত্ৰীৰ অযোধ্যাৰ ৰাম মন্দিৰ যাত্ৰা, বদৰপুৰ ৰে’ল ষ্টেচনত তীৰ্থযাত্ৰীয়ে একেলগে দিলে ‘জয় শ্ৰীৰাম’ ধ্বনি
ৰাম মন্দিৰ ভ্ৰমণলৈ অহা তীৰ্থযাত্ৰীসকলৰ বাবে এই বিশেষ ৰে’ল মুকলি কৰা হৈছে। বৰ্তমান এই বিশেষ ২০০ খন আস্থা ৰে’ল দেশজুৰি চলাচল কৰি আছে ।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment