তীব্ৰ বেগী চুইফট বাহনে মহতিয়াই নিলে এখন বাইকৰ লগতে এগৰাকী মহিলাক । নিয়ন্ত্ৰণ হেৰুৱাই চুইফট বাহন খনে এটা বৈদ্যুতিক খুটাত খুন্দা মাৰে । যোৰহাটৰ পৰা জখলাবন্ধা অভিমুখী আছিল AS 05 N 2193 নম্বৰৰ চুইফট বাহন খন । চুইফট বাহন খনে এখন যাত্ৰী বাহী বাছক অভাৰ এটেক কৰি আগুৱাই যাব ধৰোতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । ঘটনাস্থলীত বাগৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহন খন জব্দ কৰাৰ লগতে সংকটজনক অৱস্থাত আখটাৰা খাটুন নামৰ মহিলা গৰাকীক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।