গছত ওলমি থকা অৱস্থাত উদ্ধাৰ দুই নাবালিকাৰ মৃতদেহ, যৌন নিৰ্যাতনৰ পিছত হত্যাৰ অভিযোগ

গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে দুই নাবালিকাৰ মৃতদেহ। বুধবাৰে উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ কোটিয়ালী থানাৰ এখন গাঁৱৰ পৰা উদ্ধাৰ হয় দুটা মৃতদেহ। মৃতকৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্থানীয় ঠিকাদাৰৰ পুত্ৰ (১৮) আৰু ভতিজাই (১৯) নাবালিকা দুগৰাকীক জোৰকৈ মদ খাবলৈ দি ধৰ্ষণ কৰি গছত ওলোমাই থয়।
মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও ঠিকাদাৰ সহ অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দুজন মৃতকৰ দূৰৈৰ আত্মীয়। মৃতকৰ পৰিয়ালৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া পথাৰত শৌচ কৰিবলৈ গৈছিল দুই নাবালিকা। বহুদেৰিৰ পাছতো যেতিয়া তেওঁলোক ঘূৰি নাহিল, তেতিয়াহে পৰিয়ালৰ লোকে বিচাৰিবলৈ আৰম্ভ কৰে। এজোপা গছৰ পৰা উদ্ধাৰ কৰা হৈছে দুই নাবালিকাৰ মৃতদেহ। পৰিয়ালৰ লোকে জনোৱা মতে, অভিযুক্তই গোপনে ভিডিঅ’ বনাই দুই নাবালিকাক ব্লেকমেইলিং কৰিছিল। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment