Daily Time Axom

ভেলৌগুৰি আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিন জব্দ।

0 48

মৰিগাঁৱৰ ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুক্তাব আলি বৰাৰ নেতৃত্বত চলা এক অভিযানত নকল টকা তৈয়াৰ কৰা এটা মেচিন সহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এক গোপন সূত্ৰৰ পম খেদি হাহচৰা গাঁৱত চলিছিল এই অভিযান।লোক দুজন ক্ৰমে- শোণিতপুৰ জিলাৰ বৈতামাৰি, আৰু জামোগুৰি গাঁৱৰ ছাবিৰুল ইছলাম আৰু ৰাজিকুল আলি।দুয়োজনৰ পৰা আৰক্ষীয়ে এটা নকল টকাৰ মেচিন,কিছু নকল টকা, দুটা মোবাইল ফোন ,আৰু কিছু অবৈধ নথি জব্দ কৰে । দুয়োজনৰ পৰা আৰক্ষীয়ে এটা নকল টকাৰ মেচিন,কিছু নকল টকা, দুটা মোবাইল ফোন আৰু কিছু অবৈধ নথি জব্দ কৰে।ইতিমধ্যে লোক দুজনক মৰিগাঁওলৈ প্ৰেৰণ কৰিছে ভেলৌগুৰি আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.