ৰাজ্যত দৈনিক বৃদ্ধি পাব ধৰিছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা | অপৰাধ ৰোধ কৰাত ব্যৰ্থ হৈছে অসম আৰক্ষী | জনহিতজনসেৱাৰ্থে শপত লোৱা পুলিচৰ প্ৰতি এতিয়া বিশ্বাস নকৰা হৈছে ৰাইজ অথবা সচেতন মহলে | আৰক্ষীৰ নিয়মীয়া তহলৰ অভাৱৰ বাবে এখন আগশাৰীৰ চাহ বাগিচাত সংঘটিত হৈছে জঘন্য অপৰাধ | মেকিপুৰ চাহ বাগিচা SEC No. ১৬ ত সংঘটিত হৈছে এই অপৰাধ | নাজিৰাৰ মেকিপুৰ চাহ বাগিচা অলিয়ে গলিয়ে তথা লাইন সমূহত দিনে-নিশাই ড্ৰাগছ, ভাং আৰু মদৰ সৰবৰাহ আৰু মদাহীৰ তাণ্ডৱ অব্যাহত আছে | মৌন নাজিৰা আবকাৰী বিভাগ আৰু নাজিৰা আদৰ্শ আৰক্ষী প্ৰশাসন | যাৰ বাবে লিগিৰীপুখুৰী আৰু মেকিপুৰ সংযোগী পথত অচাম যুৱ দুৰ্বৃত্তই দিনে-নিশাই ড্ৰাগছ আৰু মদ সেৱন কৰি সেই মদৰ বতল সমূহ ভাঙি মেকিপুৰ চাহ বাগিচা SEC No. ১৬ ত পেলাই তাণ্ডৱ সৃষ্টি কৰি আহিছে | এতিয়া বাগিচা খনত কৰ্মৰত শ্ৰমিকৰ জীৱনৰ প্ৰতি আহি পৰিছেহি চৰম ভাবুকি | এই ক্ষেত্ৰত মাত মাতিছে স্থানীয় জেষ্ঠ সমাজকৰ্মী, যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ কণ্ঠশিল্পী বংশী গোৱালাই | নাজিৰা মহকুমা আৰক্ষী বিষয়া তপন চন্দ্ৰ কলিতা ডাঙৰীয়াৰ চকু পৰিবনে ? এই সমূহ দুৰ্বৃত্তৰ ওপৰত | অনাগত সময়ত সেইটো ৰাইজ আৰু সচেতন মহলৰ বাবে লক্ষ্যণীয় হব |