দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত জাংগালত এজন বৃদ্ধৰ চীপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।
কালাপানী আৰক্ষী চকীৰ অধীনস্থ জাংগাল গাৱত মিলন আলী নামৰ প্ৰায় ৫৮ বছৰীয়া বৃদ্ধ এগৰাকী নিজ গৃহতেই চীপ লৈ আত্মহত্যা কৰে বুলি আৰক্ষীয়ে খবৰ পোৱাত ঘটনাস্থলীত কালাপানী আৰক্ষী আৰু মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই উপস্থিত হয়। মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্তৰ উপস্থিতিত চীপ লৈ আত্মহত্যা কৰা বৃদ্ধ লোক জনক মাটিত নমাই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত মৃতদেহ টো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।
ৰাজহ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্তই জানিব দিয়া মতে মৃতদেহটো দুই/তিনি দিন আগৰ আৰু বেয়া গোন্ধ ওলাইছে । মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সমগ্ৰ বিষয়া টো পোহৰ লৈ আহিব বুলি জানিব দিয়ে।