গৰ্ভপাতক সাংবিধানিকভাৱে স্বীকৃতি দিয়া বিশ্বৰ প্ৰথমখন দেশ ফ্ৰান্স

স্বেচ্ছামূলক গৰ্ভপাতৰ মহিলাৰ অধিকাৰক সাংবিধানিকভাৱে স্বীকৃতি দিয়া বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ফ্ৰান্স। সেই দেশৰ সংসদত দুয়োটা দলৰ সাংসদসকলে এই পদক্ষেপক বৈধ কৰাৰ বাবে ভোটদান কৰে। সপক্ষে ৭৮০ টা ভোট, বিপক্ষে ৭২ টা ভোট। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কয় যে ফ্ৰান্স চৰকাৰে অহা শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী অধিকাৰ দিৱসত এই বিধেয়ক গৃহীত হোৱাৰ উদযাপন কৰিব।
প্ৰসংগক্ৰমে ১৯৭৫ চনত ফ্ৰান্সত এখন আইন প্ৰণয়ন কৰা হয়। কোৱা হৈছিল যে গৰ্ভপাত কোনো অপৰাধ নহয়। কিন্তু সংবিধানত গৰ্ভপাতৰ অধিকাৰৰ নিশ্চয়তা দিয়া হোৱা নাই।
তাৰ পিছৰে পৰা দেশত গৰ্ভপাতৰ চৰ্তসমূহ সহজ কৰি তুলিবলৈ কেইবাখনো আইন প্ৰণয়ন কৰা হৈছে। বিশেষকৈ মহিলাসকলৰ স্বাস্থ্য আৰু তেওঁলোকৰ নাম প্ৰকাশ নকৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। মহিলাৰ ওপৰত আৰ্থিক চাপ কমোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। চৰকাৰী তথ্য অনুসৰি ২০২২ চনত ফ্ৰান্সত ২ লাখ ৩৪ হাজাৰ গৰ্ভপাত হৈছিল। ২০২২ চনৰ নৱেম্বৰ মাহত কৰা এক সমীক্ষাত ৮৯ শতাংশ লোকে গৰ্ভপাতৰ অধিকাৰক সাংবিধানিক ৰূপ দিয়াৰ পক্ষপাতী বুলি প্ৰমাণিত হৈছে। অৱশেষত দেশত গৰ্ভপাতৰ অধিকাৰ সাংবিধানিকৰূপে পৰিগণিত হ’ল।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment