টীয়কত পাঁচখনকৈ আদৰ্শ বিদ্যালয়ৰগৃহৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়,চেনিআমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়,মেলেং প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়,ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু লুইতপৰীয়া মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ আদৰ্শ বিদ্যালয়ৰগৃহৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন অনুষ্ঠানটি আজি চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী পীজুষ হাজৰিকা উপস্থিত হৈ কেওখন বিদ্যালয়ৰ আদৰ্শ গৃহৰ শুভ উদ্বোধন কৰে।উক্ত অনুষ্ঠানত যোৰহাট জিলা উন্নয়ন আয়ুক্ত প্ৰনৱ কুমাৰ বৰা,মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,অগপৰ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়া,বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাকু অংকুৰ বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বহুকেইখন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।লগতে অনাগত দিনত আৰু কেইবাখনো ঐতিহাসিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হব বুলি মত প্ৰকাশ কৰি বিদ্যালয়ৰ এই উন্নয়নে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অধিক আগুৱাই নিব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment