Daily Time Axom

দিব্যাংগসকলৰ কল্যাণৰ বাবে বিটিআৰৰ বিশেষ আঁচনি

0 53

ই এম গৌতম দাসে প্ৰদান কৰিলে ৩৫ গৰাকী দিবাংগ লোকক ই- ৰিক্সা

বিটিআৰৰ সমাজ কল্যান বিভাগৰ তৰফৰ পৰি সাধাৰণ জনগণৰ উন্নয়নৰ লগতে দিব্যাংগ সকলৰ বাবেও কেবাটাও বিশেষ আঁচনি গ্ৰহন কৰিছে ৷
বিশেষকৈ দিব্যাংগ সকলৰ স্ব-নিয়োজনৰ পথ মুকলিৰ উদ্দেশ্যে বিটিআৰৰ চীফ প্ৰমোদ বড়োৰ উদ্যোগত আৰু সমাজ কল্যান বিভাগৰ ই এম গৌতম দাসৰ তৎপৰতাত প্ৰতিবছৰে বিটিআৰ’ৰ ১০০ গৰাকীকৈ দিব্যাংগ ব্যক্তিক একোখনকৈ ই-ৰিক্সা প্ৰদানৰ আঁচনি গ্ৰহন কৰিছে । “মানৱ সেৱা মিছন” নামৰ উক্ত আঁচনিখন আজি বৰপেটাৰোডৰ সমীপৰ বাগছা জিলাৰ জাখলিবিলত ৰূপায়ণ কৰা হয় ৷ ই এম গৌতম দাসে মুখ্য অতিথি হিচাবে উপস্থিত থকা অনুষ্ঠানটোত মুঠ ৩৫ গৰাকী দিব্যাংগ ব্যক্তিক ই-ৰিক্সা প্ৰদান কৰা হয়। ই- ৰিক্সা বিতৰণ কৰি গৌতম দাসে কয়– আমি আশা কৰো দিব্যাংগ সকলেওঁ সমাজৰ আন ব্যক্তি সকলৰ দৰে সাধাৰণ জীৱন যাপনৰ বাবে সক্ষম হওঁক আৰু আন দহজনৰ দৰে স্বাৱলম্বী হৈ উঠক ৷ এই উদ্দেশ্যৰে আমি গ্ৰহন কৰা আন এক আঁচনি অনুসৰি বিটিআৰ’ৰ ২০০ গৰাকী দিব্যাংগ ব্যক্তিক ৫০ হাজাৰকৈ টকাৰ এককালীন সাহায্য প্ৰদানৰো পদক্ষেপ গ্ৰহন কৰিছো ৷

Leave A Reply

Your email address will not be published.