National bank for agriculture and rural development ( NABARD)ৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী প্ৰেছ ক্লাৱত আজি National bank for agriculture and rural development (NABARD)ৰ যোগেদি মহিলা সকলক কেনেকৈ সবলীকৰণ কৰিব পাৰি এই সন্দৰ্ভত বিভিন্ন ধৰণৰ আলোচনা হয়।
উক্ত সভাত উপস্থিত থাকে জিলাৰ উন্নয়নৰ সাধাৰণ সহকাৰী বিষয়া কাঞ্চনমনি গোহাঁই আৰু হাটশিঙিমাৰী জুনিয়ৰ কলেজৰ প্ৰবক্তা আবু হানিফ সেখ আৰু লগতে উপস্থিত থাকে খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আয়েসা বেগম আৰু বিভিন্ন ঠাইৰ পৰা অহা মহিলা সকল।
উল্লেখ্য যে নাবাৰ্ডৰ যোগেদি এই জিলা খনৰ মহিলা সকলক কেনেকৈ সবলীকৰণ কৰিব পৰা যায় এই সন্দৰ্ভত আলোচনা বিলোচনা কৰা হয় আৰু সিহঁতৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব বুলি উক্ত বিভাগৰ তৰপৰ পৰা জানিবলৈ দিয়ে।
মানকাচৰৰ পৰা মণিৰুল ইছলামৰ ৰিপৰ্ট