Daily Time Axom

৪ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী আই আই টিত আলচেৰিংগা”ৰ আয়োজন

0 67

আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থী সকলৰ সমন্বয় , বৈচিত্ৰ্য আৰু কলাত্মক সাংস্কৃতিক সমাৰোহ
” আলচেৰিংগা” ।
কাইলৈৰ পৰা ১০ মাৰ্চলৈ ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ৱ এই বৃহৎ সমাৰোহখন ।
এইবাৰৰ ২৮ সংখ্যক “আলচেৰিংগা” ত ২৫০ জন প্ৰতিযোগীয়ে ৪৭ টা ইভেন্টত অংশগ্ৰহণ কৰিব ।
৪ দিনত শিক্ষাৰ্থীকে ধৰি প্ৰায় ডেৰ লাখ লোকে অংশগ্ৰহণ কৰিব ।এই আলচেৰিংগাত টুমুৰলেণ্ডত অনুষ্ঠান পৰিবেশন কৰা চাৰ্লছ বিৰ দৰে বিখ্যাত শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব ।
ইফালে ৯ মাৰ্চৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হ’ৱ বলীউডৰ বিখ্যাত শিল্পী আৰ্মান মালিক ।
৭ মাৰ্চত শাস্ত্ৰীয় সংগীতৰে আৰম্ভ হ’ৱ সাংস্কৃতিক মহোৎসৱখনি ।
দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ লগতে দেশৰ বাহিৰৰ বহু প্ৰতিভাৱান শিক্ষাৰ্থীয়ে আলচেৰিংগাত অংশ গ্ৰহণ কৰিব ।
এইবাৰৰ ” আলচেৰিংগাৰ ” মূল বাণী হৈছে একঘেয়ামি পৃথিৱীত এজনী কণমানি ছোৱালী ক্ৰ’মেটিক ইলিছিয়ামৰ জীৱন কাহিনী ।

Leave A Reply

Your email address will not be published.