দুখৰ সাগৰত ডুবি থকা এহাল সুখী দম্পতি

“পঢ়া শুনা কৰে যি , হাতীৰ পিঠিত উঠে সি “। ককা-আইতা , মা-দেউতাই পঢ়া ৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ বাবে কোৱা কথা । পিছে পঢ়া শুনা নকৰাকৈ হাতীৰ পিঠিত উঠিল ৰবীন্দ্ৰ দাস । কলিয়াবৰ খালৈআতি গাওঁৰ ৰবীন্দ্ৰই এঘাৰ বছৰ বয়সতে হাতীৰ প্ৰেমত পৰি সুদীৰ্ঘ ১৭ বছৰীয়া অভিজ্ঞতা লৈ হাতীৰ ফান্দী হ’ল । নগাওঁ আৰু কাৰ্বি আংলং জিলা ত ১১ বছৰ কাল ফান্দী হিচাবে কাম কৰাৰ পাছত চৰকাৰে হাতী ধৰাৰ কাম বন্ধ কৰি দিয়াত ঘৰৰ ল’ৰা ঘূৰি আহিল ঘৰলৈ । হাতীৰ পিঠিত উঠি ঘূৰি ফুৰোতে আওৰোৱা পৰম্পৰাগত লোক সংগীতৰ চৰ্চাত লাগিল ৰবীন্দ্ৰ । বয়সৰ জোখাৰে ৭৩ বছৰীয়া ৰবীন্দ্ৰ দাসৰ মুখত আজিও নিগৰে হৰিনাম , গোৱালপৰীয়া লোকগীত । মাটিৰ শিল্পী গৰাকীয়ে বিভিন্ন বাদ্য বজোৱাৰ লগতে দোতৰা , তবলা , বাঁহী , টোকাৰী আদি বাদ্য নিৰ্মান কৰিব পাৰে । ভাস্কৰ্য শিল্পৰ ওপৰতো দখল আছে ৰবীন্দ্ৰ দাসৰ ।

ৰবীন্দ্ৰই পৰম্পৰাগত গীত আওৰাই আনন্দ লাভ কৰে ঠিকেই , পিছে দুখৰ গীত গালে শোকত ভাগি পৰে পত্নী পূৰ্ণিমা দাস । কিন্তু কিয় ? নিজৰ জীৱনৰ দুখবোৰ আমনি কৰে, হুকহুকাই কান্দি উঠে পূৰ্ণিমা ।

পত্নী, পুত্ৰ-বোৱাৰী আৰু এটি নাতিৰ সৈতে নিজ-চিলাবন্ধা গাঁওৰ এটি জৰাজীৰ্ণ ঘৰত বাস কৰে ৰবীন্দ্ৰ ই । ঘৰটোৱে ই প্ৰকাশ কৰে পৰিয়ালটোৰ দৰিদ্ৰতাৰ চাপ । অৰুনোদই , বৃদ্ধ পেঞ্চন , প্ৰধান মন্ত্ৰী অবাস গৃহকে ধৰি কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ কৰিবলৈ আজিও সক্ষম নহ’ল মাটিৰ শিল্পী গৰাকী ।

বুকু-পিঠিত হিমন্ত-কেশৱ মহন্ত ৰ ছবি থকা স্পৰ্টিং পিন্ধি ঘূৰি ফুৰা ৰবীন্দ্ৰৰ পিনে ঘুৰি চোৱাৰ আহৰিকে নাই শাসকীয় মিত্ৰ দলৰ নেতা-পালি নেতাৰ ।

তথাপিও সমস্যাৰে ভৰা সংসাৰ খনত নিজকে দুয়ো সুখী অনুভৱ কৰে দম্পত্তি হালে । চেনেলৰ মানুহ আহিছে , আউল-বাউল চুলিৰে টিভিত ওলাবনে । ভিতৰৰ পৰা ফনিখন আচুৰি দিলে মানুহজনৰ । এয়াই হয়তো প্ৰেম,এয়াই হয়তো সুখৰ চানেকি । সুখৰ সংসাৰৰ সুখী দম্পত্তি ।

বিকশিত অসমৰ শ্লোগান আওৰোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক কেশৱ মহন্ত ই দৰিদ্ৰতাই কোঙা কৰা এনে মাটিৰ শিল্পীসকলৰ প্ৰতি কেতিয়া সহানুভূতি প্ৰদৰ্শন কৰিব সেয়া নিশ্চয় সময়তহে লক্ষণীয় হ’ব ।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment