চিন্তামণিগড়ত দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু আই.কিউ.এ.চিৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মত বিনিময় অনুষ্ঠান।
শিৱসাগৰ জিলাৰ চিন্তামণিগড়ত দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু আই কিউ এ চিৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি চিন্তামণিগড় পশু চিকিৎসালয় প্ৰাংগন আৰু ২নং চিন্তামণিগড় প্ৰাথমিক বিদ্যালয় প্ৰাংগনত দুখন মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
দিখৌমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰণজিৎ বৰুৱা উপস্থিত থকা মত বিনিময় অনুষ্ঠানতটো দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ অধ্যাপিকা সকলে চিন্তামণিগড়ৰ মহিলা আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত শৈক্ষিক বিষয়ত মত বিনিময় কৰে।