সদ্য বিবাহিত দম্পতী ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীয়ে পৰিয়ালৰ সৈতে আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা কৰে। ইয়াৰ পূৰ্বে গোৱাত সপোন যেন বিয়াৰ পৰিবেশৰ পিছতে অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ গৈছিল।
আজি ৰাকুল প্ৰীতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পবিত্ৰ কামাখ্যা মন্দিৰত তেওঁ আৰু স্বামী জেকীৰ এখন ছবি শ্বেয়াৰ কৰে আৰু হৃদয় আৰু হাত ভাঁজ কৰা ইমোজি শ্বেয়াৰ কৰে। পৰৱৰ্তী ফটোখনত এই যুটিটোৰ লগত যোগ দিছিল পিতৃ-মাতৃয়ে।
দুবছৰমান ডেটিং কৰাৰ পিছত অৱশেষত ২১ ফেব্ৰুৱাৰীত গোৱাৰ আইটিচি গ্ৰেণ্ডত পৰিয়াল, আত্মীয়, ঘনিষ্ঠ বন্ধু আৰু উদ্যোগৰ সহযোগীসকলৰ মাজত ৰাকুল প্ৰীত আৰু জেকীয়ে বিবাহপাশত আবদ্ধ হয়।