সমগ্ৰ ৰাজ্যৰ লগতে আজি তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ত্ৰিশটা জাতীয় সংগঠনৰ সহযোগত “কা” ৰ বিৰোধীতাৰে এক বিশাল বাইক ৰেলী উলিয়াই। আজিৰ এই বাইক ৰেলীত জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত শতাধিক আছু নেতাই চৰকাৰ বিৰোধী শ্লোগান দি সমগ্ৰ তামুলপুৰ জিলা পৰিভ্ৰমণ কৰে। বাইক ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিবাদী আছু নেতাসকলে- অসম চুক্তি ৰূপায়ণ কৰক, কা আমি নামানো, আমি অসমীয়াই কা নামানো, WE OPPOSE CAA, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, তামুলপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ হায়-হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, গৃহ মন্ত্ৰী হুচিয়াৰ, মুখ্যমন্ত্ৰী হুচিয়াৰ, আদি শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে।