জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয়, ২০২৫-২৬ চনৰ ভিতৰত সমগ্ৰ দেশতে ৭৪০ খন একলব্য আৰ্হি আৱাসিক বিদ্যালয় কাৰ্যক্ষম কৰা হ’ব

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় যে ২০২৫-২৬ চনৰ ভিতৰত সমগ্ৰ দেশতে ৭৪০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় কাৰ্যক্ষম কৰি তোলা হ’ব। নতুন দিল্লীত এখন সংবাদমেলত ভাষণ দি মিষ্টাৰ মুণ্ডাই কয় যে ইয়াৰ ভিতৰত ৪০১খন একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল আৰম্ভ কৰা হৈছে। এই বিদ্যালয়সমূহৰ বাবে দহ হাজাৰ শিক্ষক নিযুক্তি দিয়া হৈছে আৰু শীঘ্ৰে আৰু দহ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ’ব বুলিও তেওঁ কয়।

মুণ্ডা ডাঙৰীয়াই কয়, জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰুৰ সৈতে সহযোগিতা কৰি অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিছে।

AssamAssamese NewsbollywoodDaily time axomDeathIndiaInternationalWorld
Comments (0)
Add Comment