পেলেষ্টাইনৰ স্বাধীনতা সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ এটা কমাণ্ড চেণ্টাৰত আক্ৰমণ কৰে। হামাছে দাবী কৰিছে যে পৃথক পৃথক আক্ৰমণত কমেও ৭ জন ইজৰাইলী সৈন্য নিহত হৈছে। জানিব পৰা মতে, বেইট হানৌন চহৰৰ পূব দিশত অৱস্থিত কমাণ্ড চেণ্টাৰত হামাছৰ যোদ্ধাসকলে ড্ৰ’ন ব্যৱহাৰ কৰি দুটা এণ্টি পাৰ্ছনেল ৰকেট নিক্ষেপ কৰে। হামাছ ব্ৰিগেডে সেই চহৰত ইজৰাইলী সামৰিক বিষয়াক হত্যা কৰাৰ দাবী কৰিছিল।
এক সুকীয়া বিবৃতিত আল কাছামে কয় যে দক্ষিণ গাজাৰ খান ইউনিছৰ এটা ঘৰৰ ভিতৰত ছয় ইজৰাইলী জোৱান আছিল । হামাছে কয় যে এই আক্ৰমণত তেওঁলোকৰ মৃত্যু হৈছে। যিয়েই নহওক,৭ অক্টোবৰত হঠাতে ইজৰাইলক আক্ৰমণ কৰিছিল হামাছে। তেতিয়াৰ পৰাই ইজৰাইলে প্ৰতি আক্ৰমণ আৰম্ভ কৰিছে।
এই পৰ্যন্ত হামাছৰ আক্ৰমণত প্ৰায় ৬০০ ইজৰাইল জোৱান নিহত হৈছে। আনহাতে, ইজৰাইলৰ আক্ৰমণত প্ৰায় ৩১ হাজাৰ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে।