Daily Time Axom

মধ্যপ্ৰদেশত কংগ্ৰেছত বিভাজন, বিজেপিত যোগদান প্ৰবীণ নেতা সুৰেশ পাচৌৰীৰ

0 41

পুনৰ ভাঙিছে কংগ্ৰেছ। দলৰ জ্যেষ্ঠ নেতা সুৰেশ পাচৌৰীয়ে বিজেপিত যোগদান। যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। যোগদান কৰাৰ পিছত পচৌৰীয়ে কয় যে মই ৰাজনীতি আৰম্ভ কৰাৰ সময়ত দেশৰ সেৱা কৰিম বুলি ভাবিছিলো। কিন্তু বিগত কেইটামান সপ্তাহত কংগ্ৰেছৰ বিভিন্ন সিদ্ধান্তই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভগৱান ৰামৰ বিৰুদ্ধে তেওঁলোকে যি ভাষা ব্যৱহাৰ কৰিছিল সেয়া যথেষ্ট যন্ত্ৰণাদায়ক। দেশৰ শীর্ষ আদালতে দিয়া ৰায় মানি চলাৰ কাম৷ কিন্তু প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান বৰ্জন কৰি কংগ্ৰেছে ঠাই হেৰুৱাইছে। কোনো চৰ্ত নোহোৱাকৈ বিজেপিত যোগদান। পাচৌৰীক আদৰণি জনোৱাৰ অন্তত বিজেপি নেতা শিৱৰাজ সিং চৌহানে কয় যে কংগ্ৰেছ দল শেষ কৰি ৰাহুল গান্ধীৰ কামো সমাপ্ত হ’ব। দলৰ শীৰ্ষ নেতাসকলেও নাজানে দল কোন দিশে গৈ আছে। মধ্যপ্ৰদেশত পাচৌৰীয়ে বিজেপিত যোগদান কৰিলে কংগ্ৰেছ বহুখিনি দুৰ্বল হ’ব বুলি ৰাজনৈতিক মহলে প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.