ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৮৬৪০ টা নিচাযুক্ত টেবলেট আৰু এখন দুচকীয়া বাহন জব্দ।
মুকালমুৱাৰ বৰতলাত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক। বৰতলাৰ স্থানীয় ৰাইজৰ সহযোগত মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট সহ আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম দেৱজিৎ হৰিজন(৩২)। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৮৬৪০ টা নিচাযুক্ত টেবলেট আৰু AS-01AY-8124 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দেৱজিৎ হৰিজনৰ ঘৰ দৰঙ্গীপাৰাত। ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি গোপনে ড্ৰাগছৰ বেহা চলাই আহিছিল