পৰ্ণ জগতৰ জনপ্ৰিয় মুখ এমিলি উইলিছ। শনিবাৰে নিশা এমিলিৰ হাৰ্ট এটেক হয়। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে, হাৰ্ট এটেকত আক্ৰান্ত হৈ ক’মালৈ গৈছে অভিনেত্ৰীগৰাকী। চিকিৎসকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অত্যধিক ড্ৰাগছ সেৱনৰ বাবেই এমিলিৰ ক্ষেত্ৰত এনেকুৱা হৈছিল।
আনহাতে, এমিলিৰ দেউতাকে ক’লে, “হাৰ্ট এটেকৰ কিছুদিন আগতে এমিলিয়ে ৰিহাবৰ পৰা উভতি আহিছিল।” ইয়াৰ পিছত ঘৰলৈ উভতি আহি এনেকুৱাই হয়।” এমিলিৰ ভায়েকে ক’লে, “এমিলিৰ চিকিৎসাৰ বাবে বহুত খৰচ হয়।” আমি বিচাৰো তেওঁৰ অনুৰাগীসকল আগবাঢ়ি আহক। ছ’চিয়েল মিডিয়াতো এটা ফাণ্ড সৃষ্টি কৰা হৈছে।”
প্ৰসংগক্ৰমে কালি খবৰ আহিছিল যে পৰ্ণ ষ্টাৰ ছফিয়া লিঅ’নীৰ মৃত্যু হৈছে। জানিব পৰা মতে, ১ মাৰ্চত অভিনেত্ৰীগৰাকীৰ ফ্লেটত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। পিছত ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰে। কিন্তু অভিনেত্ৰীগৰাকীৰ পৰিয়ালে গাপ দিয়ে ছফিয়াৰ মৃত্যুৰ খবৰ। আৰু তাৰ পৰাই সন্দেহৰ সৃষ্টি হয়। স্থানীয় আৰক্ষীয়ে এতিয়াও মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।