Daily Time Axom

১৫৩ জন যাত্ৰী লৈমাজ আকাশত বিমানৰ দুই পাইলটে মাৰিলে চোপনি

0 43

ইণ্ডোনেছিয়াৰ দক্ষিণ-পূব চুলাৱেছিৰ কেণ্ডাৰীৰ পৰা ৰাজধানী জাকাৰ্টালৈ যোৱা বাটিক এয়াৰৰ বিমানত দুজন পাইলট টোপনি যোৱাৰ অভিযোগ উত্থাপন হৈছে। দেশৰ পৰিবহণ মন্ত্ৰালয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
ইণ্ডোনেছিয়াৰ চৰকাৰী সংবাদ সংস্থা অন্তৰাই এই তথ্য প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা সমিতিৰ প্ৰাৰম্ভিক তদন্ত প্ৰতিবেদন অনুসৰি যোৱা ২৫ জানুৱাৰীত বিমানখনৰ পাইলট আৰু সহ-পাইলট দুয়োজনেই প্ৰায় ২৮ মিনিট শুইছিল। ফলত বিমানখনে নিজৰ উদ্দেশ্যপ্ৰণোদিত পথত থাকিব নোৱাৰিলে।
অৱশ্যে এই ঘটনাত বিমানখনৰ চাৰিজন ক্ৰু আৰু ১৫৩জন যাত্ৰীৰ কোনো এজনো আহত হোৱা নাই। বিমানখনৰ কোনো ক্ষতি হোৱা নাই। বাটিক এয়াৰৰ বিমান BTK6723 প্ৰায় দুঘণ্টা ৩৫ মিনিট উৰণৰ অন্তত জাকাৰ্টাত সফলতাৰে অৱতৰণ কৰে।

Leave A Reply

Your email address will not be published.