Daily Time Axom

টিহু সমষ্টিৰ কুমাৰীকাটাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ যোগদান সভা

0 47

বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ সভাপতিত্বত কুমাৰীকাটা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা যোগদান কাৰ্যসূচীত কংগ্ৰেছ, AIUDF দলৰ অৰ্ধ শতাধিক লোকে বিজেপিত যোগদান কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সর্বাংগীন উন্নয়নমুখী কাম-কাজত সম্পূর্ণৰূপে সন্তুষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদ , ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ৰুবুল আলী ,জিলা সংখ্যালঘু মৰ্চাৰ সম্পাদক মজামিল আলী, মণ্ডল বিজেপিৰ বিষয়ববীয়াসকল।

Leave A Reply

Your email address will not be published.