CAA বা নাগৰিকত্ব সংশোধনী আইন আজি নিশা কাৰ্যকৰী হ’ব পাৰে। সূত্ৰ অনুসৰি আজি নিশা ১০ বজাত মোডী চৰকাৰে এই অধ্যাদেশ জাৰি কৰিব পাৰে। আন এক সূত্ৰই দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই কথা ঘোষণা কৰিবলৈ ওলাইছে। যোৱা কেইমাহমানত শাসকীয় দলৰ কেইবাজনো নেতাই দাবী কৰিছিল যে অতি শীঘ্ৰে দেশত নাগৰিক সংশোধনী আইন বা CAA জাৰি কৰিবলৈ গৈ আছে। সেই দাবীত আজি অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে ছীল দিবলৈ ওলাইছে।