‘কা’ৰ বিৰুদ্ধে একত্ৰিত যুঁজ দিয়ক অসমবাসীয়েঃৰাইজৰ দল

এইয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ

অসমবাসীৰ সুদীৰ্ঘ প্ৰতিবাদ, ৫ জন তেজাল যুৱকৰ আত্মবলিদানৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে অসমবাসীৰ স্বাৰ্থৰ পৰিপন্থী, সংবিধান বিৰোধী যি ‘কা’ আইন বলবৎ কৰিলে, সেইয়া অসমবাসী তথা সমগ্ৰ গণতান্ত্ৰিক জনগণৰ প্ৰতি এক বৃহৎ অপমান। অসমৰ খিলঞ্জীয়া লোকক অসমতেই সংখ্যালঘু কৰি এই আইনৰ জৰিয়তে অসমৰ ভাষিক, সাংস্কৃতিক স্বকীয়তাৰ ওপৰত শেষৰ গজালটো মাৰিব বিচৰা হৈছে । হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি স্বদেশী কৰিব খোজা এই আইনে ভৱিষ্যতে অসমত লাখ লাখ বিদেশীৰ সংস্থাপনৰ বাট মুকলি কৰিব। অসমবাসীয়ে নিজৰ ৰাজ্যত ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লাগিব। আমাৰ চুবুৰীয়া ত্ৰিপুৰী সকলেই সেই চৰম বিপৰ্যয়ৰ এক জ্বলন্ত উদাহৰণ।

সেয়েহে আমি ৰাইজৰ দলে অসমবাসীক আহ্বান জনাইছো আহক জাতিৰ এই সংকট কালত দল মত বৰ্ণ নিৰ্বিশেষে গণতান্ত্ৰিক ভাৱে এই অসমবিৰোধী আইনৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহো।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment