Daily Time Axom

উত্তৰ গুৱাহাটীত উপস্থিত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধী

0 32

সমুখত প্ৰতিদণ্ডী থিয় নহওতেই নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীয়ে । গুৱাহাটী লোক সভা সমষ্টিৰ ৩২ টা মণ্ডলৰ চাৰিটা সমষ্টিতহে প্ৰচাৰ চলাবলৈ বাকী আছে প্ৰাৰ্থীগৰাকীৰ । উত্তৰ গুৱাহাটী মণ্ডল বিজেপিৰ দ্বাৰা কলা পৰিষদ ভৱনত আয়োজিত চিনাকী কায্যকৰ্তা সন্মিলনত উপস্থিত হৈ এইদৰেই প্ৰচাৰ চলালে । মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সকলো সমস্যাই সমাধান কৰিলে । ইফালে প্ৰতিজন বিজেপিৰ কাৰ্যকৰ্তাক উদ্দেশ্যি বিজুলি কলিতা মেধীয়ে কলে , ভোটাৰৰ ওচৰলৈ গলে, আপোনালোকৰ পৰিচয়ৰে নহয় । বিজুলি কলিতা মেধী হৈ হে কথা কব ভোটাৰক। ইফালে মুখ্যমন্ত্ৰীৰ সমষ্টিত কৃটিম বান , খোৱা পানীৰ সমস্যাকেধৰি জলন্ত সমস্যাৰ কথা সাংবাদিকে সোধাত বিজুলি কলিতাই সেইবোৰ একপ্ৰকাৰে নস্যাৎ কৰিলে । কালি উত্তৰ গুৱাহাটী মণ্ডল বিজেপিৰ ২৬ টা বুথ কমিটিৰ কাৰ্যকৰ্তাৰ উপস্থিতিত বিজেপি প্ৰাৰ্থী গৰাকীক বিপুল সম্বৰ্ধনা জনোৱা হয়। মহানগৰ বিজেপিৰ সভাপতি তপন দাসে অনুষ্ঠানৰ আঁতধৰি কাৰ্যকৰ্তা সকলক আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।
ইফালে নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈয়ে প্ৰাৰ্থী বিজুলি কলিতা মেধীৰ জয় ঘোষণা কৰিলে কৃষান মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত ভট্টাচায্যই । মুখ্য মন্ত্ৰীৰ সমষ্টিত হেনো প্ৰতিদণ্ডীৰ কথাই নাহে । কেবল জালুকবাৰীয়েই নহয় গুৱাহাটী সমষ্টিত বিজুলি কলিতা মেধীৰহে জয় জয় ময় ময় । এক প্ৰকাৰ বিজুলী কলিতা মেধীক জয়ী বুলি ঘোষনাই কৰিলে কিষাণ মৰ্চাৰ নেতা ৰঞ্জীত ভট্টাচায্যই ।

Leave A Reply

Your email address will not be published.