কচুৱাৰ পুঠিমাৰিত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি

কচুৱা পুঠিমাৰি অঞ্চলৰ বাবে সুখবৰ। কচুৱা 2নং পুঠিমাৰি শিৱস্থান বজাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰা হয়। গ্ৰাহক সকলৰ সুবিধাৰ্থে মুবাৰক হুছেইন নামৰ যুৱকজনে মুকলি কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ সেৱা কেন্দ্ৰ। উক্ত সেৱা কেন্দ্ৰত গ্ৰাহকসকলে একাউন্ট খোলাৰ সমান্তৰালকৈ গ্ৰাহক সকলৰ সুৰক্ষাথে অটল পেন্সন যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা ইত্যাদি আবেদন কৰিব পাৰিব। আজি উক্ত সেৱা কেন্দ্ৰটো ফিটা কাঠি শুভ উদ্বোধন কৰা FIA TECHNOLOGYৰ ইমৰাণ হুছেইনে। লগতে উপস্থিত থাকে দিপক চন্দ্ৰ দাস হৰিদন বশ্য লগতে এই অঞ্চলৰ বহু গণ্য মান্য ব্যক্তি সকল । গ্ৰাহক সকলে আধাৰ কাৰ্ডৰ জৰিয়তে খুলিব পাৰিব নিজৰ বেংক একাউণ্ট। Zero balance ৰ একাউণ্ট খুলিবলৈ যোগাযোগ কৰিবলৈ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বধিকাৰীয়ে আহ্বান জনাইছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment