জামুগুৰিহাটৰ ধলাইবিলৰ কেথলিক গীৰ্জাৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত আজি নাৱাৰ্ডৰ সহযোগত জাৰ্মিন বোৱাকটা সমবায় সমিতি নামৰ এখন গ্ৰাম্য বিপনিৰ শুভ উদ্ধোধন কৰে নাৱাৰ্ডৰ উপ প্ৰৱন্ধক শ্ৰীৰাম ভি আয়াৰে৷গ্ৰামাঞ্চলৰ শিপিনী সকলে থলুৱাভাৱে তাঁতশালত বোৱা কটা কৰি উৎপাদন কৰা মূগাৰ মেখেলা,চাদৰ,গামোচা,কুৰ্তা আদিকে ধৰি বিভিন্ন বস্ত্ৰজাত সামগ্ৰী সমুহ উপলব্ধ হোৱাকৈ স্হাপন কৰা গ্ৰাম্য বিপনি খনৰ উদ্ধোধনী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নৱাৰ্ডৰ জিলা প্ৰৱন্ধক সুমন চেটাৰ্জী,কেডেট অধ্যক্ষ ধিৰেন ডেকা ,সচিৱ মনোৰঞ্জন হাজৰিকা আৰু প্ৰজেক্ট কো অৰদিনেটৰ মণিকা দাসে৷অঞ্চলটোৰ শতাধিক থলুৱা শিপিনী ও মহিলাৰ উপস্থিতিত অনুষ্ঠিত শুভ উদ্বোধনী অনুষ্ঠানটিৰ আতধৰে জাৰ্মিন বোৱাকটা সমবায় সমিতি খনৰ সম্পাদিকা ৰেজিনা বাগলাৰীয়ে ৷