অবৈধ বাবে চলাচল কৰা ডাম্পাৰ জব্দ কৰিলে ৰাইজে

দিনে ৰাতিয়ে চলাচল কৰা ডাম্পাৰ চলাচলত বাধা দিবলৈ এইবাৰ ওলাই আহিল ৰাইজ।

দীৰ্ঘ দিনৰ পৰা মৈৰাবাৰীৰ বিভিন্ন ব্যস্ত পথ সমূহত চলাচল কৰি অহা ডাম্পাৰ আৰু ডাঙৰ বাহন সমূহ সৰু সৰু পথেদি নিতৌ চলাচল কৰাত ৰাইজ অতীষ্ঠ হৈ আজি স্থানীয় ৰাইজ ওলাই আহি বাধা প্ৰদান কৰে।

মৰিগাঁও জিলা পৰিবহন বিভাগে সময়ে সময়ে অভিযান চলাই যদিও এনে ডাম্পাৰ সমূহক আজিলৈকে জব্দ কৰিবলৈ সক্ষম হোৱা নাই।
আজি পৰিবহন বিভাগৰ অকৰ্মণ্যতা উদঙালে মৈৰাবাৰীৰ একাংশ ৰাইজে। জব্দ কৰিলে কেবাখনো বহিঃ ৰাজ্যৰ ডাম্পাৰ আৰু ১২ চকীয়া বাহন।

ইপিনে মৈৰাবাৰীৰ চাৰিওফালে অবৈধ ভাবে চলা মাটি কঢ়িয়াই থকা ট্ৰেক্টৰ বিলাকৰ অত্যাচাৰত ৰাইজ তিষ্ঠিব নোৱাৰা হৈ প্ৰশাসনক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment