সমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দলৰ কৰ্মীয়ে বিজেপি দলত যোগদান হোৱা পৰিলক্ষিত হৈছে।
নৱগঠিত টিহু সমষ্টিৰ দৰঙ্গীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত এখন যোগদান সভা অনুষ্ঠিত কৰে।যোগদান সভাত প্ৰায় শতাধিক বিভিন্ন দলৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে। দৰঙ্গীপাৰাস্থিত শংকৰদেৱ শিশু নিকেতনৰ চৌহদত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত উপস্থিত থাকে বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতা,ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ৰুবুল আলীকে ধৰি দলীয় কাৰ্যকৰ্তা সকল।
Prev Post