তামুলপুৰত আশা কৰ্মীৰ অভিৱৰ্তন অনুষ্ঠান

গোটেই বছৰটোত আশা কৰ্মী সকলে দিনে ৰাতি একাকাৰ কৰি বিভিন্ন ৰোগীক শুশ্ৰুষা কৰাৰ বিপৰীতে আজি সকলো আশা কৰ্মী লগ হৈ গীতে মাতে নাছি বাগি আত্মহাৰা হৈ বাটৰ নাট প্ৰদৰ্শন কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি তামুলপুৰ দূৰ্গামন্দিৰ প্ৰাংগণত আশা অভিৱৰ্তন অনুষ্ঠিত হৈ যায়। অভিৱৰ্তন উপলক্ষে ৰাতিপুৱা আশা অভিৱৰ্তনৰ শুভ উদ্বোধন কৰে বিটিআৰৰ এম চি এল এ হেমন্ত কুমাৰ ৰাভাই। পিছত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰোগ্ৰাম মেনেজাৰ কিশোৰ শৰ্মাৰ পৰিচালনাত অভিৱৰ্তন খন আৰম্ভ হয়৷ অভিৱৰ্তনত মুখ্য অতিথিৰ আসন গ্ৰহন কৰে তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুত বিকাশ ভাগৱতীয়ে ৷ তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° ভানু কছাৰী, কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা° অৰিন্দম কলিতা, তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা° গৌতম মেধি, বাক্সা জিলাৰ ডি এম চি পূৰবী কলিতা সহ তামুলপুৰৰ আশা কৰ্মী সকল আৰু আশা চুপাৰভাইজাৰ সকল উপস্থিত আছিল ৷
উক্ত অভিৱৰ্তনতে পাৰদৰ্শিতাৰ ভিত্তিত তিনি গৰাকী আশা কৰ্মী ক্ৰমে বৃন্দা দাস পানিকা, ৰুকীয়া খাতুন, আৰু উষাৰাণী সিংহক পুৰস্কৃৃত কৰা হয়। আনহাতে আশা কৰ্মী সকলে বাটৰ নাট, গীত-মাত পৰিবেশন কৰি আনন্দত আত্মহাৰা হয়।

Assamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment