বনছাই অসমৰ উদ্যোগত সৰভোগত লোকনৃত্য,আধুনিক নৃত্য আৰু অভিনয়ৰ কৰ্মশালা

পঞ্চম বাৰ্ষিক পথাৰ নাট মেলাৰ সফল পৰিসমাপ্তিৰ পিছত,এইবাৰ বনছাই অসমৰ উদ্যোগত আৰু জ্ঞান-বিকাশ বিদ্যাভৱন ভূলুকাডোৱাৰ সহযোগত সৰভোগত আজিৰে পৰা অনুষ্ঠিত হৈছে লোকনৃত্য,আধুনিক নৃত্য আৰু অভিনয়ৰ ১২ দিনিয়া কৰ্মশালা,জ্ঞান-বিকাশ বিদ্যাভৱন ভূলুকাডোৱাত অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে অসমৰ কেইবাগৰাকীও বিশিষ্ট নাট্যকৰ্মী তথা নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব,কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত বনছাই অসমৰ সভাপতি তথা বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ,জ্ঞান-বিকাশ বিদ্যাভৱন ভূলুকাডোৱাৰ প্ৰধান শিক্ষক হিমাংশু উজীৰকে প্ৰমূখ্য কৰি বৰনগৰ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উক্ত কৰ্মশালাত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা নাটক আৰু নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি বনছাই অসমৰ প্ৰতিষ্ঠাপক তথা সামগ্ৰীক পৰিকল্পক ধ্ৰুৱৰাজ পাঠকে জানিবলৈ দিয়ে৷উল্লেখযোগ্য যে-উক্ত কৰ্মশালাটো অনুষ্ঠিত কৰাৰ বাবে বনছাই অসমৰ উদ্যোক্তা সকলক স্থানীয় ৰাইজে আদৰণি জনাইছে৷

Daily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment