Daily Time Axom

টীয়কত বিজেপিৰ বিশাল যোগদান সভাত মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত হৈ গৌৰৱ গগৈক কৰিলে সমালোচনা

0 45

আজি টীয়কৰ নামচেচু খেলপথাৰত বিজেপি দলৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।উক্ত যোগদান কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা,যোৰহাট লোকসভাৰ প্ৰাৰ্থী তপণ কুমাৰ গগৈ,মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা,সম্পাদক অমৰ জ্যোতি শইকীয়া,টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ,বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা,প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী,ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ সদস্য দেৱজিত বৰুৱাকে প্ৰমুখ্য কৰি বহুসংখ্যক বিজেপি নেতা উপস্থিত থাকে।উক্ত যোগদান কাৰ্যসূচীত প্ৰায় শতাধিক ৰাইজ বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুস্থানিকতা বিজেপি দলত যোগদান কৰে।লগতে বিজেপিৰ উন্নয়ন মুখী পৰিকল্পনা অব্যাহত ৰাখিবলৈ ৰাইজক অনাগত নিৰ্বাচনত বিজেপিৰ পক্ষক ভোটাধিকাৰ সাৱস্ত কৰিবলৈ আহ্বান জনায়।ইপিনে ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰি যি নিজৰ ভাষাটোকে শুদ্ধকৈ ক’ব নোৱাৰে,পুৰণি কলিয়াবৰ সমষ্টিত নিৰ্বাচন খেলিবলৈ মনস্থ কৰিছিল,তেনে এজন ব্যক্তিয়ে বিজেপিৰ বিপক্ষত কোনো কাৰণতে জয়ী হব নোৱাৰে বুলি সদৰি কৰি অনাগত নিৰ্বাচনত প্ৰায় আঢ়ৈ লক্ষ্য ভোটত বিজেপিয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে।ইপিনে উক্ত সভাতে বিজেপি প্ৰাৰ্থী তপন গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই লগতে দেশ তথা ৰাজ্যৰ প্ৰগতিৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.