ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী ৰণডংকা – তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু ডিগবৈ বিধানসভা সমষ্টিত অজস্ৰ কাৰ্যকৰ্তাৰ উষ্ম আদৰণি
• “মোদী চৰকাৰ মানে সামাজিক ন্যায়, মোদী চৰকাৰ মানে সামাজিক নিৰাপত্তা, মোদী চৰকাৰ মানে অৰ্থনৈতিক উন্নয়ন, মোদী চৰকাৰ মানে সন্মানসহ জীয়াই থকাৰ অধিকাৰ”: সোণোৱাল
• “অসম তথা উত্তৰ-পূববাসীৰ লগত অন্যায়-অবিচাৰ কৰিছিল কংগ্ৰেছে”: সোণোৱাল
ডিব্ৰুগড়, ১৩ মাৰ্চ ২০২৪: আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী ৰণডংকা বজাই তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে সভাত মিলিত হয়। অজস্ৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ উষ্ম আদৰণিয়ে সৰ্বানন্দ সোণোৱালক অভিভূত কৰি তোলে। তদুপৰি, তিনিচুকীয়া বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ সৈতেও মত বিনিময় কৰে সোণোৱালে। সোণোৱালৰ আগমনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিওটা সমষ্টিতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ-ৰ লহৰ ক্ষিপ্ৰতৰ কৰি তুলিছে।
সোণোৱালে ভাষণ প্ৰসংগত কয়, “ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মোক অভূতপূৰ্ব সঁহাৰি আৰু উৎসাহ-উদ্দীপনাৰে উপচাই দিয়াৰ বাবে তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপিৰ সকলো কাৰ্যকৰ্তাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ‘আকৌ এবাৰ মোদী চৰকাৰ’ হৈছে আমাৰ দৃঢ় প্ৰতিজ্ঞা। মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত এটা দশকত ভাৰত বিশ্বৰ মহাশক্তি হিচাপে উজলি উঠিছে। অনাগত বছৰবোৰত এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে আকৌ এবাৰ আমি সকলোৱে মিলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন কৰিব লাগিব। এই চৰকাৰ গঠন প্ৰক্ৰিয়াত আমি যাতে অসমৰ পৰা পূৰ্বতকৈও অধিক সংখ্যক সাংসদ নিৰ্বাচন কৰি পঠিয়াব পাৰোঁ, তাৰ বাবে সকলোৱে টঙালি বান্ধিব লাগিব। ‘মোদী কি গেৰাণ্টি’ অৰ্থাৎ মোদী ডাঙৰীয়াই ২০১৪ চনত যি প্ৰতিশ্ৰুতিৰে ভাৰতত সুশাসনৰ ভাৰ গাত পাতি লৈছিল, সেইবোৰ পুংখানুপুংখৰূপে ৰূপায়ণ হোৱাৰ বাবেই আজি দেশখনৰ প্ৰতিজন নাগৰিকে মৰ্যাদাসহকাৰে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে। ভাৰতবৰ্ষ আজি বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। এতিয়া আমাৰ ৰাষ্ট্ৰক বিশ্বৰ সকলো দেশে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু ভাৰতৰ মহাশক্তিক স্বীকাৰ কৰিছে।”
সোণোৱালে লগতে উল্লেখ কৰে, “কংগ্ৰেছে প্ৰায় ৬০ বছৰকাল ৰাজত্ব কৰিও আমাক অৰ্থাৎ অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীক বিভিন্ন সা-সুবিধা তথা অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। আমাৰ মাটি-ভেটি, কৃষ্টি-সংস্কৃতি সকলো বিপদাপন্ন কৰিছিল কংগ্ৰেছে। উত্তৰ-পূববাসীৰ লগত অন্যায়-অবিচাৰ কৰিছিল কংগ্ৰেছে। সেই ছবি পিছে মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সম্পূৰ্ণৰূপে সলনি হ’ল। আজিৰ তাৰিখত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে সন্মানসহকাৰে আগুৱাই যাবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা যথেষ্ট সহায়-সহযোগিতা আৰু গুৰুত্ব লাভ কৰিলে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বিকাশৰ নতুন ইঞ্জিনলৈ ৰূপান্তৰিত হৈছে। মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আগন্তুক দিনত ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমো এখন অন্যতম ৰাজ্য হ’ব বুলি আমি দৃঢ় বিশ্বাসী। সেই যাত্ৰা সফল কৰাৰ বাবে অন্যান্য সমষ্টিৰ লগতে আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজেও ইয়াত শক্তিশালী ভূমিকা পালন কৰিব লাগিব। মোদী চৰকাৰ মানে সামাজিক ন্যায়, মোদী চৰকাৰ মানে সামাজিক নিৰাপত্তা, মোদী চৰকাৰ মানে অৰ্থনৈতিক উন্নয়ন, মোদী চৰকাৰ মানে সন্মানসহ জীয়াই থকাৰ অধিকাৰ। এতিয়া মোদী ডাঙৰীয়াৰ নেতৃত্বতে ২৫ কোটি দৰিদ্ৰ জনতাই দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰলৈ উঠিবলৈ সক্ষম হৈছে।”
তদুপৰি সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “ডিব্ৰুগড় লোকসভা সমষ্টিৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে। এই সমষ্টিয়ে ইংৰাজৰ শাসনকালত অৰ্থনৈতিক কেন্দ্ৰবিন্দু হিচাপে নিজক পৰিচিত কৰিবলৈ সক্ষম হৈছিল। শক্তিশালী অৰ্থনীতিৰ এই ইতিহাসৰ পুনৰাবৃত্তি কৰিবলৈ আমি সকলোৱে মিলি কাম কৰিব লাগিব। সেয়েহে আমি ঐক্যবদ্ধ হৈ এই নিৰ্বাচনত বিজেপি মিত্ৰশক্তিৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব।”
আজি সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ সভাতো উপস্থিত থাকি অগপ দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে সোণোৱালে। এনডিএ-ই এইবাৰৰ লোকসভা নিৰ্বাচনত ৪০০ আসনৰ সীমা অতিক্ৰম কৰাৰ দিশত অগপৰো সক্ৰিয় ভূমিকা আশা কৰে সোণোৱালে আৰু কয় যে- এনডিএ-ৰ মসৃণ বিজয়ে দেশৰ উন্নয়নৰ বিজয়ক অধিক শক্তিশালী ৰূপত আগুৱাই নিব।
আজি কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতাগৰাকীক সংগ দিয়ে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন প্ৰমুখ্যে বিজেপি-অগপৰ বিষয়ববীয়া, বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী আৰু স্থানীয় ৰাইজে।