বিয়াৰ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত এক ভয়ংকৰ দুৰ্ঘটনা। ৭ জন লোকে প্ৰাণ হেৰুওৱাৰ আৰু ৪ জন আহত।
সোমবাৰে পুৱা বিহাৰৰ খগড়িয়া জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী গাড়ী আৰু ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ। ইয়াৰ পিছত গাড়ীখন কাষৰ মাটিত বাগৰি পৰে। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৭ জন লোকৰ।
দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আহতসকলক ক্ষন্তেকতে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত আটাইকেইজন বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল। দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে।