Daily Time Axom

অসম ভিত্তিত নাগাৰ নাম প্ৰতিযোগিতা প্ৰথম স্থান দখল মঙ্গলদৈৰ ডেইজি ডেকাৰ

0 37

হাজোৰ প্ৰাণেশ্বৰ নাথ স্মৃতি ন্যাস, হালুগাঁওত ১২ মাৰ্চ তাৰিখৰ পৰা দুদিনীয়াকৈ অসম ভিত্তিত অনুষ্ঠিত হয় নাগাৰা নাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু কেইটা আগশাৰী নাগাৰা দলে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ দৰং জিলাৰ মঙ্গলদৈৰ মনি কাঞ্চন নাগাৰা নাম দল টিও অংশগ্ৰহণ কৰে।
উক্ত দলটিত পাঠক হিচাপে নাম পৰিবেশন কৰে অসমৰ জনপ্ৰিয় নাগাৰা শিল্পী ডেইজি ডেকাই । প্ৰতিযোগিতাৰ সামৰণীৰ অন্তত প্ৰথম স্থান দখল কৰে মঙ্গলদৈৰ ডেইজি ডেকাৰ দলটিয়ে । ডেইজি ডেকাৰ এই সফলতাত আনন্দিত হয় পৰে ডেইজি ডেকাৰ লগতে দলৰ সকলো সদস্যই । অসম বাসী ৰাইজৰ পৰা ডেইজি ডেকাই মৰম আৰু আশীৰ্বাদ বিচৰাৰ উপৰিও গুৰু কুসুম দেৱীলৈ প্ৰণাম জনায়। আনহাতে
নাগাৰ নাম সমূহ আধাত্মিক হব লাগে আৰু কোনোধৰণৰ আধুনিকতাৰ সংযোজন ঘটাই বিকৃত কৰিব নালাগে বুলি অনুৰোধ জনায় জনপ্ৰিয় শিল্পী ডেইজি ডেকাই।

Leave A Reply

Your email address will not be published.