Daily Time Axom

কলকতাৰ গাৰ্ডেনৰিচত বহুমহলীয়া অট্টালিকা ভাঙি ২ জন মৃত্যু, ১৫ জন আহত

0 34

মাজনিশা কলকতাৰ গাৰ্ডেনৰিচৰ এটা ঝাড়ুত বহুমহলীয়া অট্টালিকা ভাঙি পৰাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত ২ জন লোকে প্ৰাণ হেৰুৱায়। নিহত দুজন হৈছে ৪৭ বছৰীয়া সামা বেগম আৰু ৫৫ বছৰীয়া হাছিনা খাতুন।
গুৰুতৰভাৱে আহত ১৫ জন লোক চিকিৎসাধীন হৈ আছে। এছ এছ কে এম হাস্পতালত ৫ জন, স্থানীয় চিকিৎসালয়ত ১০ জনক ভৰ্তি কৰোৱা হৈছে। গাৰ্ডেনৰিচ দুৰ্ঘটনাত মৃত আৰু আহতসকলৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে মেয়ৰ তথা বিধায়ক ফিৰহাদ হাকিমে। তেওঁ মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতসকলৰ পৰিয়াললৈ ১ লাখ টকাৰ এক্স গ্ৰেচিয়া ঘোষণা কৰে।
ফিৰহাদ হাকিম, সুজিত বসুৰে ৰাতি সেই স্থানত উপস্থিত হয়। সোমবাৰে পুৱা মেয়ৰে কয় যে এতিয়াও বহু লোক ধ্বংসাৱশেষত মাজত সোমাই আছে। ইয়াৰে ৭জনৰ সৈতে কথা পাতিছে উদ্ধাৰকাৰীয়ে। পানী, অক্সিজেন দিয়া হৈছে। দুৰ্যোগ সঁহাৰি বাহিনীয়ে যুদ্ধকালীন অভিযানত কাম কৰি আছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

Leave A Reply

Your email address will not be published.