১৮ৰ পৰা ১৯ বছৰ বয়সৰ ১০,৫৪৯ গৰাকী, ৮৫ বছৰৰ উৰ্দ্ধৰ ৩৭২৭ গৰাকী আৰু ২১৫ গৰাকী শতায়ু গৰকা ভোটদাতাই দিব পাৰিব ভোট
কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ২৯ টা ভোটগ্ৰহণ কেন্দ্ৰ, যুৱক-যুৱতীৰ দ্বাৰা তিনিটা আৰু বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হ’ব এটা ভোটগ্ৰহণ কেন্দ্ৰ, আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ব ছটা।
আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ সন্দৰ্ভত আজি মৰিগাঁও নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত তেওঁ সাংবাদিকসকলক অৱগত কৰি কয় যে নগাঁও লোকসভা সমষ্টিকে ধৰি দ্বিতীয় পৰ্যায় অৰ্থাৎ ২৬ এপ্ৰিলত ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হ’ব। এই পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ২৮ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব। ৪ এপ্ৰিল মনোনয়ন দাখিলৰ অন্তিম দিন আৰু ৫ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। এই পৰ্যায়ৰ বাবে ৮ এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ৪ জুনত ভোটগণনা কৰা হ’ব আৰু ৬ জুনৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পন্ন হ’ব। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নগাঁও সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নিৰ্বাচন জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৫২ নং জাগীৰোড (অনুসূচিত জাতি), ৫৩ নং লাহৰিঘাট আৰু ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হ’ব। মৰিগাঁও নিৰ্বাচন জিলাত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা ৭,১৯,৯২৭ গৰাকী। ইয়াৰে ৩,৬৪,০৪০ জন পুৰুষ ভোটাৰ, ৩,৫৫,৮৭৬ গৰাকী মহিলা ভোটাৰ আৰু ১২ জন তৃতীয় লিংগৰ ভোটাৰ। এইবাৰ মুঠ ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ১৬৯৪ গৰাকী। মৰিগাঁও নিৰ্বাচন জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৯১১ টা। ইয়াৰে ২৯ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব আৰু ছটা ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰা হ’ব। আদৰ্শ কেন্দ্ৰকেইটা হ’ল জাগীৰোড বিধানসভা সমষ্টিৰ ১৪৬ জাগী এম ভি স্কুল (পূব) আৰু ১৪৭ জাগী এম ভি স্কুল (পশ্চিম), লাহৰিঘাট সমষ্টিৰ ৬২ ভূৰাগাঁও মহাবিদ্যালয় (পূব) আৰু ৬৩ ভূৰাগাঁও মহাবিদ্যালয় (উত্তৰ) আৰু মৰিগাঁও সমষ্টিৰ ১২৩ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (সোঁফাল) আৰু ১২৪ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাওঁফাল)। কেৱল যুৱক-যুৱতীৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা তিনিটা। সেইকেইটা হ’ল জাগীৰোড সমষ্টিৰ ৩০২ ঔজাৰি প্ৰাথমিক বিদ্যালয় (দক্ষিণ), লাহৰিঘাট সমষ্টিৰ ৮৪ ভূৰাগাঁও হস্পিটেল ৰোড প্ৰাথমিক বিদ্যালয় (পশ্চিম) আৰু মৰিগাঁও সমষ্টিৰ ১৩৩ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় (মধ্য)। আনহাতে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰটো হ’ল মৰিগাঁও সমষ্টিৰ ৪৭ মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় (পশ্চিম)। জিলাখনত ৩৫ টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ (Vulnerable) আৰু ২৯ টা কেন্দ্ৰ জটিল (Critical) হিচাপে বিবেচিত হৈছে। নিৰ্বাচন জিলাখনত লিংগ অনুপাত ৯৮০। এইবাৰ মৰিগাঁও নিৰ্বাচন জিলাত ১৮ বছৰৰ পৰা ১৯ বছৰ বয়সৰ ভোটদাতাৰ সংখ্যা ১০,৫৪৯ জন আৰু জ্যেষ্ঠ নাগৰিক ভোটদাতাৰ সংখ্যা ৮২,৪১১ গৰাকী। আনহাতে জিলাখনত শতায়ু গৰকা ২১৫ গৰাকী ভোটদাতা আৰু ৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ ৩৭২৭ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। ৰোগাক্ৰান্ত, বিশেষভাৱে সক্ষম আৰু অশীতিপৰ ভোটদাতাসকলৰ বাবে প্ৰয়োজন অনুসৰি হুইল শ্বেয়াৰ, ডাক বেলট আদিৰ ব্যৱস্থা কৰা হ’ব বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে সংবাদ মাধ্যমকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাসকলৰ বাবেও প্ৰয়োজন অনুসৰি ডাক বেলটৰ ব্যৱস্থা কৰা হ’ব। তেওঁ কয় যে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই মৰিগাঁও জিলাতো আৰ্হি আচৰণ বিধি বলৱৎ হৈছে। প্ৰকৃততে মানুহৰ বিবেকেই আৰ্হি আচৰণ বিধি মানি চলাটো সুনিশ্চিত কৰিব পাৰে বুলি উল্লেখ কৰি শান্তিপূৰ্ণ, সুস্থ আৰু নিকা নিৰ্বাচন সম্পূৰ্ণ কৰিব পৰাকৈ তেওঁ সকলোৰে সহায়-সহযোগিতা কামনা কৰে। যদি নিৰ্বাচনী আৰ্হি আচৰণবিধি উলঙ্ঘনৰ কোনো বিষয় দৃষ্টিগোচৰ হয় তেনেহ’লে এই সংক্ৰান্তীয় ওজৰ-আপত্তি c-Vigil এপত দাখিল কৰিব পাৰিব অথবা নিয়ন্ত্ৰণ কক্ষৰ ১৯৫০ টোল ফ্ৰী নম্বৰত ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰিব বুলি তেওঁ কয়। মৰিগাঁও জিলা প্ৰশাসনে সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে এনে আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী, ফ্লায়িং স্কোৱাড, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ থাকিব। আজিৰ সংবাদমেলত অতিৰিক্ত জিলা আয়ুক্ত (নিৰ্বাচন) সুলক্ষনা বৰপাত্ৰগোহাঁই আৰু নিৰ্বাচন বিষয়া জাগৃতি কলৱাৰ উপস্থিত আছিল।