Daily Time Axom

গেছ চিলিণ্ডাৰত অগ্নিকাণ্ড, দম্পতী আৰু ৩ শিশুৰ মৃত্যু

0 36

ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড। গেছ চিলিণ্ডাৰত অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু।
আৰক্ষীৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা। সেই সময়ত পৰিয়ালৰ সকলো সদস্য ঘৰতে শুই আছিল। তেতিয়াই পাকঘৰত এটা গেছ চিলিণ্ডাৰত জুই লাগে। মুহূৰ্ততে সমগ্ৰ ঘৰখনতে জুই বিয়পি পৰে। চুবুৰীয়াৰ পৰা তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয়।
আৰক্ষীয়ে জনোৱা মতে, জুই নিয়ন্ত্ৰণ কৰাৰ পূৰ্বে শুই থকা অৱস্থাত এহাল দম্পতী আৰু তেওঁলোকৰ তিনিটা সন্তানৰ মৃত্যু হয়। তদন্ত অব্যাহত আছে। ফৰেনছিক টিম আহি পুনৰ পৰিস্থিতিৰ তদন্ত কৰিব।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.