মৰিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা,এগৰাকী কলেজীয়া ছাত্ৰীক শাৰীৰিক নিৰ্যাতনৰ চেষ্টা এজন গাড়ী চালকৰ

ঘটনা অনুসৰি মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ চাইডা খাতুন নামৰ ছাত্ৰীগৰাকী পৰীক্ষা দিবলৈ বুৱালগুৰি পথত গাড়ী অপেক্ষা কৰি আছিল । সেই সময়তে এখন গাড়ী আহি ছাত্ৰী গৰাকীৰ কাষত ৰখি কত যাবা বুলি সুধাত মৰিগাঁও কলেজলৈ যাম বুলি কৈছিল । তেতিয়া গাড়ী চালক জনে ময়ো মৰিগাঁও যাম মোৰ গাড়ীতে উঠা বুলি কোৱাত ছাত্ৰী গৰাকীৰ পৰীক্ষালৈ দেৰি হোৱাত গাড়ীত বহিল । কিন্তু কিছু দূৰ যোৱাৰ পিছত ময়নগুৰি নামৰ ঠাইত চালকজনে ছাত্ৰী গৰাকীক অসৎ ইংগিত দিছিল । ভয়তে তেতিয়া ছাত্ৰী গৰাকীয়ে গাড়ী ৰখাবলৈ চালক জনক অনুৰোধ কৰাত গাড়ী স্পীড বঢ়াই দিছিল । উপায়ন্তৰ হৈ ছাত্ৰী গৰাকীয়ে গাড়ীৰ দৰ্জা খুলি জঁপিয়াই দিয়ে । ফলত ছাত্ৰী গৰাকী গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয় । স্থানীয় লোকে ততাতৈয়াকৈ ছাত্ৰীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ আনে । বৰ্তমানলৈকে গাড়ী খনৰ সম্ভেদ পোৱা হোৱা নাই ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment