লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী

প্ৰদ্যুৎ বৰদলৈক এজন ইনটেলেকচুৱেল পলিটিচিয়ান বা শিক্ষিত ৰাজনীতি হিচাপে ৰাইজে জানে। কিন্তু নিৰ্বাচনী প্ৰচাৰত নামি তেওঁ যিবোৰ কথা ব্যক্তি গতভাৱে কৈছে।এইবোৰ কথাই ৰাইজৰ মাজত সন্দেহ সৃষ্টি কৰিছে শনিবাৰে এই মন্তব্য নগাঁও লোক সভা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী সুৰেশ বৰাৰ। শনিবাৰে মৰিগাঁও চহৰৰ নগৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা বিজেপিৰ প্ৰচাৰ সভাত অংশ লৈ লগতে তেওঁ কয় যে সংখ্যালঘু বিধান সভা সমষ্টি লাহৰীঘাট, ধিং,চামগুৰি আৰু ৰূপহী আদি সমষ্টিৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে । আমাৰ ভাল হৈছে। লগতে প্ৰাৰ্থী সুৰেশ বৰাই কয় যে এইবাৰ নিৰ্বাচন হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৃতীয়টো কাৰ্যকালৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচন।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা,বিধায়ক ৰমাকান্ত দেউৰীৰ কাম কৰাৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচন । আনহাতে সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাই কয় কংগ্ৰেছ বিধায়ক সকলে সহায় নকৰে তেওঁলোকে তেওঁলোকৰ দলৰ নীতি আদৰ্শত কাম কৰি আছে। সমান্তৰালকৈ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ সৈতে বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰাৰ্থী গৰাকীয়ে ।শনিবাৰে এই প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী,মৰিগাঁও জিলা বিজেপিৰ বিষয় ববীয়াই ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment