অৰুণাচলৰ ফিনভিৰুৰ পৰা অপহৰণ কৰা তিনি কয়লা মহৰীক যোৱাকালি মুকলি কৰি দিয়ে আলফা স্বাধীনে ৷
অৰুণাচলৰ ফিনভিৰুৰ কয়লাখনিৰ পৰা অপহৰণ কৰা তিনি কয়লা মহৰীক মুকলি কৰি দিয়ে আলফা স্বাধীনে ৷
তিনি অপহৃত শ্ৰমিক ক্ৰমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰী ৷ জ্ঞান থাপা আৰু লেখক বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানীত ৷ শুক্ৰবাৰে পুৱাৰ ভাগতেই অৰুণাচল প্ৰদেশৰ নামপুঙৰ লমভি সমীপৰ লালপুল অঞ্চলত মুকলি কৰি দিয়ে৷
১৮ ফেব্ৰুৱাৰীত ফিনভিৰুৰ পৰা অপহৰণ কৰা হৈছিল তিনিওজন শ্ৰমিকক৷ ৩৩ দিনৰ অন্তত মুকলি দিয়ে অপহৃতক ৷
শুক্ৰবাৰে তিনিওকে মুকলি কৰি দিয়ে যদিও আসাম ৰাইফলচ্ৰ পৰা আজি ইতিমধ্যে জিম্মাত লৈছে অৰুণাচল আৰক্ষীয়ে ৷বৰ্তমানে মানমৌ থানাত আছে তিনিও ।