Daily Time Axom

কে কবিতাৰ ইডি জিম্মা বৃদ্ধি

0 46

আবকাৰী গোচৰত বৃদ্ধি পালে বি আৰ এছৰ নেতা কে কবিতাৰ ই ডি জিম্মা। ২৬ মাৰ্চলৈকে তেওঁ ইডিৰ জিম্মাত থাকিব। ইডিৰ তথ্য অনুসৰি তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা আবকাৰী দুৰ্নীতিৰ সৈতে জড়িত। মুঠ ১০০ কোটি দুৰ্নীতি সংঘটিত হোৱা বুলি দাবী কৰিছে ইডিয়ে। ইডিয়ে কয় যে এই কাণ্ডৰ তদন্তৰ বাবে কে কবিতাক অধিক জেৰাৰ প্ৰয়োজন। প্ৰসংগক্ৰমে ৪৬ বছৰীয়া কে কবিতাক ১৫ মাৰ্চত হায়দৰাবাদৰ বঞ্জাৰা হিলছৰ বাসগৃহৰ পৰা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

Leave A Reply

Your email address will not be published.