পঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি ২০জনৰ মৃত্যু

পঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু। ৬ জন লোকৰ অৱস্থা এতিয়াও সংকটজনক। ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছে। এই সমিতিৰ মুৰব্বী এডিজিপি। পঞ্জাৱৰ সাংগুৰুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছে ৬ জন লোক। আন এঘাৰজনক পাটিয়ালাৰ ৰাজেন্দ্ৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে এই ঘটনাৰ বাবে ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত কোনো লোকক ৰেহাই দিয়া নহ’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ সুৰা আৰু সুৰা প্ৰস্তুতৰ সামগ্ৰী। এই ঘটনাক লৈ ইতিমধ্যে বিজেপিয়ে পঞ্জাৱৰ ইউ পি চৰকাৰক সমালোচনা কৰিছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment