ঘটনা অনুসৰি মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ চাইডা খাতুন নামৰ ছাত্ৰীগৰাকী পৰীক্ষা দিবলৈ বুৱালগুৰি পথত গাড়ী অপেক্ষা কৰি আছিল । সেই সময়তে এখন গাড়ী আহি ছাত্ৰী গৰাকীৰ কাষত ৰখি কত যাবা বুলি সুধাত মৰিগাঁও কলেজলৈ যাম বুলি কৈছিল । তেতিয়া গাড়ী চালক জনে ময়ো মৰিগাঁও যাম মোৰ গাড়ীতে উঠা বুলি কোৱাত ছাত্ৰী গৰাকীৰ পৰীক্ষালৈ দেৰি হোৱাত গাড়ীত বহিল । কিন্তু কিছু দূৰ যোৱাৰ পিছত ময়নগুৰি নামৰ ঠাইত চালকজনে ছাত্ৰী গৰাকীক অসৎ ইংগিত দিছিল । ভয়তে তেতিয়া ছাত্ৰী গৰাকীয়ে গাড়ী ৰখাবলৈ চালক জনক অনুৰোধ কৰাত গাড়ী স্পীড বঢ়াই দিছিল । উপায়ন্তৰ হৈ ছাত্ৰী গৰাকীয়ে গাড়ীৰ দৰ্জা খুলি জঁপিয়াই দিয়ে । ফলত ছাত্ৰী গৰাকী গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয় । স্থানীয় লোকে ততাতৈয়াকৈ ছাত্ৰীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ আনে । বৰ্তমানলৈকে গাড়ী খনৰ সম্ভেদ পোৱা হোৱা নাই ।